Psalms 47

প্ৰধান বাদ্যকৰৰ প্রতি: কোৰহৰ সন্তানসকলৰ ৰচিত গীত।

1হে সমুদায় জাতি, তোমালোকে হাত তালি দিয়া;
আণ্দেৰে ঈশ্বৰৰ উদ্দেশ্যে জয়ধ্বনি কৰা।
2সৰ্ব্বোপৰি যিহোৱা বিস্ময়জনক;
সমগ্র পৃথিবীৰ ওপৰত তেৱেঁই মহান ৰজা।

3তেওঁ লোকসমূহক আমাৰ অধীন কৰিলে,

জাতিবোৰক আমাৰ ভৰিৰ তল কৰিলে।
4তেৱেঁই আমাৰ আধিপত্য মনোনীত কৰিলে;
সেই অধিপত্য তেওঁৰ প্রেমৰ পাত্র যাকোবৰ গৌৰৱৰ বিষয়। (চেলা)
5ঈশ্বৰে জয়-ধ্বনিৰ মাজেৰে উৰ্দ্ধগমন কৰিলে;
যিহোৱাই শিঙা-ধ্বনিৰ মাজেৰে উৰ্দ্ধগমন কৰিলে।

6তোমালোকে ঈশ্বৰৰ উদ্দেশ্যে প্ৰশংসাৰ গান কৰা,

প্ৰশংসাৰ গান কৰা;
তোমালোকে আমাৰ ৰজাৰ উদ্দেশ্যে প্ৰশংসাৰ গান কৰা,
প্রশংসাৰ গান কৰা।
7কিয়নো ঈশ্বৰ গোটই পৃথিবীৰ ৰজা;
তোমালোকে তেওঁৰ উদ্দেশ্যে এক বিশেষ উপলব্ধিৰে প্ৰশংসাৰ গান কৰা।

8সকলো জাতিবোৰৰ ওপৰত ঈশ্বৰে ৰাজত্ব কৰে;

তেওঁৰ পবিত্ৰ সিংহাসনত তেওঁ বহি থাকে।
জাতিসকলৰ ৰাজপুত্রসকল গোট খাইছে;
অব্ৰাহামৰ ঈশ্বৰৰ লোকৰ দৰেই গোট খাইছে;
কিয়নো পৃথিবীৰ ঢালবোৰ (শাসনকর্তা) ঈশ্বৰৰ;
তেৱেঁই সবাবোকৈ মহান।
9

Copyright information for AsmULB